" দাদা , অ' দাদা......."
মই সাৰ পাই গ'লো , কাৰোবাৰ মাতত। হেণ্ডিমেনে মাতি আছে। ঘূৰি চালোঁ....
" বাবু দাৰ টোপনি ধৰিছে, গাড়ী যেনি তেনি গৈছে ।"
একে জাপে আহি তল পালোহি। বাহিৰলৈ চাই উম ললোঁ....ক'ত পালোঁহি....... দেৰগাঁও পাৰ হৈছে।
লাহেকৈ বাছ ৰাস্তাৰ কাষত ৰখাই দিলে। মই নামি গৈ মুখ-হাত ধুই সতেজ হৈ ল'লো। বাবু ওপৰত উঠিল , মই ড্ৰাইভাৰ ছিটত বহিলোঁ। মিটাৰ বোৰৰ ওপৰেদি চকুটো পাৰ হৈ গ'ল। মজা......সকলো ঠিক আছে।
" যাব দিয়ক......"
গাড়ী চলিল। জন বাছ বোৰ হিনো ইঞ্জিন যদিও টাৰব' থকাৰ বাবে এনেকুৱা ফটা আৱাজটো নোলায়। লাহে লাহে বাছে নিজৰ ছন্দ ল'লে।
" দবাই যাব। তেল যিমান খালেও চিন্তা নাই। "
এনেকুৱা পাৰ্মিচন পালে মন ভৰি যায়। এক্সেলেটৰৰ ওপৰত উঠি দিলোঁ। ফটা ফটা শব্দটো ওলাই আকৌ নোহোৱা হৈ গ'ল। সেই ফটা শব্দ ওলোৱা স্পীদ পাৰ হৈ গ'লে ফটা শব্দটো আকৌ নোহোৱা হৈ যায়। এতিয়া বাছ এশ মান স্পীদত দৌৰিছে।
হেণ্ডিমেনে দেখাই দিয়া জখলাবন্ধাৰ ব্ৰহ্মপুত্ৰ হোটেলত বাছ লগাই দিলোঁ। ভিতৰৰ লাইট জ্বলাই দিলোঁ। ঠিক চাৰি বাজি গৈছে।
বাহিৰা কামবোৰ কৰি আহি এখন টেবুলত বহিলোঁ। হেণ্ডিমেন আহি মোৰ লগত বহিল। মলাই এবাটি আৰু এগিলাচ ডাঠ গাখীৰ আনি মোৰ আগত দিলেহি। ভাল লাগিল খাই। দেৰি নকৰি আহি বাছ ষ্টার্ট দিলোঁ।
আকৌ বাছে নিজৰ গতি ল'লে। সাত মান বজাত গুৱাহাটী পালোঁ। সেইসময়ত বাছবোৰ পল্টনবজাৰৰ পৰা চলিছিল। মানুহ নমাই আমি ৰাজগড় ৰোদলৈ আহিলোঁ। ইয়াতে মালিকৰ নিজৰ গেৰেজ আছে। বাছ নিজৰ ঠাইত লগাই মই শুই দিলোঁ।
এনেদৰে বাবুৰ লগত মোৰ তিনি ট্ৰিপ চলিল। গুৱাহাটী লাইনত এটাই ভাল , গাড়ী অকল দবাব লাগে। ইটানগৰ লাইনৰ নিচিনাকৈ তেল বচাই চলাব নালাগে।
চাৰি নম্বৰ ট্ৰিপৰ দিনা বাবুয়ে ক'লে...
" একট্ৰিপ অকলে মাৰিব পাৰিব ?"
" কিয় ? নামিব নেকি ?"
" ছোৱালীৰ গাটো বেয়া , আজি মই নাযাওঁ। হিচাপ আপোনাক বুজাই দিম। অকলে যাওক , পাছৰ ট্ৰিপত মই উঠিম। "
" হ'ব।"
মই অকলে আহিলোঁ গুৱাহাটীলৈ। বাছৰ হিচাপ কেতিয়াও দি পোৱা নাছিলোঁ। বাবুয়ে বুজাই দিলে। ধুনীয়াকৈ আহি গুৱাহাটী পাই, মালিকৰ গেৰেজত বাছ লগাই দিলোঁ। বাহিৰত গৰম অলপ বেছি বাবে , মই মালিকৰ অফিচত থকা চোফাখনত শুই দিলোঁ, ওপৰত ফেন চলাই।
'ঢাপ-ধুপ.....'
কিছুমান মাৰপিটৰ শব্দত মই সাৰ পাই গ'লো। মই শুই থকা ৰূমটোৰ কাষত মালিকৰ কেবিন। তাৰ ভিতৰৰ পৰা শব্দবোৰ ভাঁহি আহিছে , লগত লেতেৰা লেতেৰা কিছুমান গালি। কিছু সময়ৰ পাছত আলি দা আৰু তেওঁৰ কনডাক্টৰ কেবিনৰ পৰা ওলাই আহিল। আলিদাই মোক দেখি একো প্ৰতিক্ৰিয়া নেদেখাই ওলাই গ'ল।
কুইনৰ বেলেগ এখন বাছ আলিদাই চলায়। পুৰণা ড্ৰাইভাৰ। মালিক অকলে আছে বুলি জানি মই কেবিনলৈ সোমাই গ'লো। মোলৈ চালে....ময়ো চালোঁ। লাহেকৈ হিচাপৰ লগত শ্লিপবোৰ তেওঁলৈ আগবঢ়াই দিলোঁ। জীৱনৰ প্ৰথম হিচাপ , বুকুখনত এক কঁপনি উঠি আছে।
ভালদৰে হিচাপ চালে । লাহেকৈ ক'লে..
" তোমাৰ ঘৰ ক'ত ?"
" তিনিচুকীয়াত...."
" আগতে কি গাড়ী চলাইছিলা ?"
" জন , ইটানগৰ লাইনত।"
" হিচাপ তুমিয়েই দিবা আজিৰ পৰা। গাড়ীৰ কিবা কাম আছে নেকি ?"
সঁচা ক'বলৈ সেই সময়ত মই গাড়ীৰ একো কামেই নাজানিছিলোঁ। কিছু সময় ভাবি ক'লো....
" ছাইডৰ লুকিং গ্লাছখন একেবাৰে সৰু , ডাঙৰ এখন লাগে। হেড লাইট অকল দুটা জ্বলে , বাকী চাৰিটা লগাব লাগিব। কেবিনৰ ভিতৰত দিম লাইট নাই। ভিতৰত অকল দুটা লাইট জ্বলে। ভিতৰৰ বহুত লাইট ফিউজ হৈ আছে। বেক লাইট এটাও নজ্বলে। ব্ৰেক একেবাৰে কম ধৰে। "
অলপ সময় মোলৈ চাই থাকিল। কাৰোবাক মাতিলে। মিস্ত্রী এজন সোমাই আহিল।
" 89 ত যিমান কাম আছে কৰি দে। ব্ৰেক কম ধৰে , চাই লবি , ড্ৰাম অনা আছে, বেছি খাইছে যদি বদলি কৰি দিবি।"
" হ'ব দাদা...."
মিস্ত্ৰীজন ওলাই গ'ল।
" তুমি এটা কাম কৰিবা। আহি গৰমখনত বাহিৰত শোৱাতকৈ আমাৰ অফিচতে শুবা। তিনিচুকীয়াত অলপ ধান্দা কৰিবা। "
হ'ব বুলি কৈ মই বাহিৰলৈ ওলাই আহিলোঁ। তিনিমান বজাত আহি উলুবাৰী ভলভ' পইণ্টত উপৰ-তল ভৰ্ত্তি কৰি মাল উঠাই ল'লো। এইবোৰ মালিকৰ হিচাপৰ মাল। এনেদৰে দুট্ৰিপ মই অকলে অকলে চলালোঁ। ইমান মাল উঠাই চলাই মোৰ বাছত হাত একেবাৰে ফ্ৰী হৈ পৰিল।
অকলে চলাই আছোঁ বুলি জানি মালিকে তিনি নম্বৰ ট্ৰিপত এজন ডেকা বিহাৰী ড্ৰাইভাৰ মোৰ লগত দিলে। বাবু আৰু ঘূৰি নাহিলে। নতুন ড্ৰাইভাৰজনে গাড়ী বৰ ধুনীয়া চলায়। লাহে লাহে তেওঁৰ লগত মোৰ বন্ধুত্ব বাঢ়ি আহিল। তেওঁৰ নাম প্ৰদীপ।
মন কৰিছোঁ প্ৰতি দিনেই বেলেগ বাছৰ ড্ৰাইভাৰ হেণ্ডিমেনে হিচাপ দিয়াৰ সময়ত মালিকৰ পৰা মাৰ-গালি খোৱাটো একেবাৰেই সাধাৰণ ঘটনা আছিল। মই হিচাপ দিওঁ, গাড়ীৰ কাম থাকিলে কাম কৈ দিওঁ, আৰু অফিচতে শুই যাওঁ। কোনোদিনেই মালিকে এষাৰো মোক টানকৈ কথা কোৱা নাই। মালিকৰ এটাই কথা , গাড়ী তহঁতে চলাই আছ, কামো তহঁতেই কৰোৱাব লাগিব। কাম নকৰোৱাৰ বাবে য'তে ত'তে গাড়ী বহি যায়। ইমান কোৱাৰ পাছতো সেইবোৰ ড্ৰাইভাৰ একেই থাকে। একো কাম নকৰে।আগলৈ......
YOU ARE READING
কেবিনৰ ইপাৰে
Adventureনাইচুপাৰৰ কেবিনত ঘটি থকা কিছুমান কাহিনী। এজন ড্ৰাইভাৰৰ জীৱনী।
◆◆◆◆কেবিনৰ ইপাৰে....1◆◆◆◆
Start from the beginning